কালিৰ কথা।ৰাতিপুৱা বহু পলমকৈ শেতেলি এৰাৰ বাবে মনটো অলপ গধুৰ হৈ আছিল।এলাহ ভাবেৰে কাঢ়া ফিকা চাহ একাপ গ্ৰহন কৰিলো আৰু গা-ধুলো।যিহেতু দাদা এজনে ফোন কৰি তেওঁৰ ঘৰলৈ মাতিলে সেয়েহে যাবলৈ সাজু হ’লো।কিন্তু তেনেতে মোক আচৰিত কৰি পাকঘৰৰ পৰা চিনাকী গোন্ধ এটাই আহি মোক আমনি কৰিলেহি।চিনাকী কিন্তু লাহে লাহে স্মৃতি হ’বলৈ ধৰা এটা গোন্ধ,যিটো হোষ্টেলৰ পাৰ হৈ যোৱা চাৰিটা বছৰত মই কেতিয়াও পোৱা নাই।থিকেই অনুমান কৰিছে শিৰোনামাত উল্লেখ কৰাৰ দৰেই শুকান আলু ভাজিৰ গোন্ধ।কিন্তু কথাটো ইমানেই হোৱা হ’লে সেই সময়কণতমনটো অকণমান ভাল লাগিল হয় আৰু মালৈ মনত পেলাই আহাৰ গ্ৰহন কৰিলো হয়,এই মূহুৰ্তত এনেকৈ কথাখিনি কোৱাৰ কোনো প্ৰশ্নই নাহে।আলু-ভাজিয়ে অস্থিৰ কৰি তোলা মনটোৰে লৰালৰিকৈ কাপোৰ পিন্ধি পাকঘৰলৈ গ’লো আৰু প্ৰায় ৬৫ বছৰীয়া আইতা(আমি অৱশ্যো জেঠাই বুলিহে মাতো)জনীক ৰাতিপুৱাৰ সাজ দিবলৈ ক’লো।দুপৰীয়া যিহেতু ভাত খোৱা নহ’ব সেয়েহে আলু ভাজিৰ লোভ সামৰিব নোৱাৰি অকণমান বিচাৰিলো।কিন্তু খাবলৈ লওঁতে মন কৰিলো তেওঁ নিসংগ আলুৰে ভাজিখন ৰন্ধা নাই লগতে ফ্ৰেন্সবিনো দিছে,যিটো মই প্ৰায় বেয়া পাওঁ বুলিবই পাৰি।কিন্তু এটা আচৰিত কথা মন কৰিলো আজিলৈকে মই যিমানখন বিনৰ আঞ্জা গ্ৰহন কৰিছো তাৰ তুলনাত এইখনআঞ্জাত দিয়া বিন কেইটুকুৰৰ আকৃতি অলপ বেলেগ(খুব সুন্দৰ),নিশ্চয়কৈ সেইয়া আইতাগৰাকীৰ হাতৰ ‘কমাল’।অইন দিনা হোৱা হ’লে কাঁহীৰ কাষত একাষৰীয়াকৈ থৈ দিলো হয় কিন্তু সেই মূহুৰ্তত এবাৰখাই চাবলৈ মন গ’ল-তেওঁ প্ৰয়োজনতকৈ বেছি সিজোৱা নাই আৰু কমো সিজোৱা নাই।বিৰাট ভাল লাগিল আঞ্জা খন।একমূহুৰ্তৰ বাবে জীৱনৰ সকলোবোৰ চিন্তা আঁতৰিগ’ল।কিয় গ’ল????কাৰণ ইতিমধ্যোই জীৱনটোৰ প্ৰায় শেষ প্ৰান্তৰত উপনিত হোৱা এই আইতা জনীয়ে কি প্ৰয়োজনত তেওঁৰ অজ্ঞাতেই মোৰ অন্তৰাত্মাক স্পৰ্ষ কৰিলে।হয়তো আপোনি ভাবিব পাৰে যে আমাৰ বাবে নাৰান্ধিলে তেওঁ নিজেই লঘোনে থাকিব লাগিব।কিন্তু কথাটো তেনেকুৱা নহয়-ককাল হাউলি যোৱা এই আইতাজনী,এই বয়সতো যি নিজেই নিজৰ বাবে উপাৰ্জন কৰিব লগা হৈছে তেওঁৰ মুখত অনবৰতে বিৰাজ কৰে এক অকৃত্ৰিম হাঁহি আৰু শিশু সুলভ সৰলতাই।যি মোক বাৰুকৈয়ে মুগ্ধ কৰে।অতি কমকৈ পঢ়া-শুনা কৰা এই মানুহগৰাকীৰ জীৱনবোধ সদায়ে কিতাপৰ সৈতে জৰিত হৈ থকা আমিবোৰতকৈ বহুত বেছি।তেওঁ নিজৰ অজ্ঞাতেই এগৰাকী শিল্পী,কলাকাৰ যি মোৰ অন্তৰাত্মাক চুই গ’ল।তেওঁ নিজৰ কলা সুলভ মনটো মোৰ আগত উদঙাই দেখুৱালে ফ্ৰেন্স্ বিনৰ টুকুৰা কেইটাৰে আৰু মই বেয়া পোৱা বস্তুবিধৰ সোৱাদ ল’বলৈ বাধ্য হ’লো।সেই মূহুৰ্তৰ পৰা মই উপলব্ধি কৰিলো কলাৰ প্ৰকৃত অৰ্থ-কলাৰ উদ্দেশ্য জনপ্ৰিয় হোৱা নহয়,ইয়াৰ উদ্দেশ্য মানুহৰ মনটোক চুই যোৱাৰ,যি জনে ভাগৰি পৰিছে তেওঁক সাহস দিয়াৰ।লাগিলে সেয়া এজনেই হওক বা ভূপেন দাৰ দৰে সহশ্ৰজন।যিসকল মানুহে সদায়ে ভাবে যে মোৰ এনেকুৱা একো গুণেই নাই যাৰ দ্বাৰা মই মানুহৰ মন জিনিব পাৰো অথবা যি ভাবে যে মই জীৱনত বহুত বেছি দুখ পাইছো,তেওঁলোকে এই আইতাগৰাকীৰ দৰে মানুহ জীৱনত এবাৰ লগ পো ৱাৰ খুবেই প্ৰয়োজন বুলি মই ভাবো।