তাই চকুৰে পৃথিৱীৰ পোহৰবোৰ দেখাৰ আগতেই
চকু মুদি পেলাইছিল ।
অলেখ সপোনো দেখিছিল
কিন্তু সপোনবোৰ পূৰণ কৰাৰ স্বাধীনতা
তাইৰ নাছিল ।
তাই কান্দিছিলো তাই
কাকুতিও কৰিছিল ।
তথাপিও উচুপি উঠা নাছিল
তাইৰ আই আৰু পিতাই ।
অহা বাটেই তাই আকৌ গুচি গৈছিল
এক অতীত হৈ ।
তাইৰ অপৰাধ মাথো এটাই
তাই যে আছিল কাৰোবাৰ....................
কন্যাসন্তান ।।