:নীলা খামৰ চিঠি : {নেৱাজ শ্বৰিফুল হক ধিংগাওঁ,দগাওঁ, নগাওঁ ,অসম 8822137353}

মৰমৰ 
প্ৰথমে তোমালৈ এবুকু মৰম যাচিলোঁ। তোমালৈ আজি খুব মনত পৰিছে।বহুদিন হ'ল জানা আৱেগবোৰ হেঁচুকি মনৰ কলহত ভৰাই ৰখা।গ্লবেল উৱাৰমিংৰ ফলত দিনে পৃথিৱীৰ উষ্ঞতা বাঢ়িছে,সেয়ে আজি আৱেগবোৰ উলাই আহিছে মনৰ কলহৰ ভিতৰ পৰা বগা কাগজত নীলা চিঞাহিৰ সৈতে নিস্তব্ধ ৰাতি গা মন শাত পেলাবলৈ,জোনাকৰ বৰষুনত তিতি।সেয়ে জন্ম পালে এই চিঠি।
হোষ্টেলৰ চাৰিওকাষে এতিয়া বিৰাজমান নিস্তব্দতা।বাহিৰত ফেচাটোৱে কুৰুলিয়াই ৰাতি দুই প্ৰহৰ হোৱাৰ ইংগিত দিছে। তথাপি চকুত টোপনিৰ 
বহাগ অহা নাই,মাথো দুচকুত ফাগুনৰ বিষাদ।বগলী ৰঙী এজাক শুকুলা স্মৃতিয়ে বুকুখন ভাৰ আক্ৰান্ত কৰি তুলিছে।চকুৰ ব্ৰক্ষ্মপুত্ৰত আষাৰৰ অৱতৰীয়া পানীৰ ফলত জোৱাৰ উঠিছে ফলত গাৰু নামৰ উপনৈখন পানীৰ মৰমত জাতিষ্কাৰ হৈ পৰিছে।ৰাতিটো ক্ৰমে গভীৰৰ পৰা আৰু গভীৰতলৈ ধাৱমান হৈছে।
এইবাৰ কোৰৱানী ঈদ আহিলে প্ৰায় তিনি বছৰেই হব তুমি মোৰ পৰা আতৰি যোৱা কিন্তু এতিযাও তোমাৰ কথা মনত পৰিলে বুকুখন যন্ত্ৰণাত ছটফট কৰে।কিন্তু কি কৰিম কোৱা,বেলেগৰ বুকুত এতিয়া তুমি ব্যস্ত আঘোনৰ সপোনৰ সোনালী সপোন ৰচাত। সময়ে হয়তো নিবিচাৰিলে আমাৰ মিলনক,সময়ো দিলে বাধা হয়তো স্বীকৃতি দিব নিবিচাৰিলে আমাৰ ভালপোৱা,আমাৰ কলে ভূল হব চাগে মোৰ ভালপোৱা।
আমাৰ ভালপোৱাৰ প্ৰথম দিন কেইটাতো মই উজাগৰীহৈয়ে কটাইছিলো আশাৰ নাৱত উঠি তোমাকলৈ সপোনৰ ৰাজ্যত ভ্ৰমি ফুৰিছিলো,তুমি দিয়া কলমটো লৈ কল্পনাৰ সাগৰত সাতুৰি নাদুৰি মোৰ ডায়েৰিৰ পাতত অংকন কৰিছিলো তোমাৰ নামত প্ৰেমৰ কবিতা
এ. ডি পি কলেজৰ..........
তুমি মোৰ আৱেগৰ মিঠা এটি ভাৱনা
তোমাৰ মাজতে বিলিন মোৰ বুকুৰ সেউজীয়া
তুমি মোৰ তিনি ত্ৰলোক্যৰ মণিকাঞ্চণলতা
বগলী ৰঙত উৰা বুকুৰ কহুৱা
নৈবোৰেও কুল কুল ধ্বনিৰে তোমাৰ কথা সুৱৰা
বতাহেও কানে কানে কৈ যায় তোমাৰ বতৰা 
তোৰ হাঁহিত বাঢ়ে মোৰ বুকুত বসন্তৰ উন্মদনা..........
এতিয়াও উজাগৰে কটাও গোটেই ৰাতি।টেবুলৰ ওপৰত থকা মোৰ ডায়েৰিটো আজিও আকোঁ মই কবিতা...বিষাদৰ কবিতা স্মৃতিৰ ৰামধেনু ৰঙী বৰপেৰাৰ পৰা.......
কথা দি কথা নাৰাখিলা তুমি
এখনি ৰিক্ত হৃদয়লৈ জীয়াই আছো আজি
সপোনৰ ঘৰখন আজি 
এক ভগ্নপ্ৰায় জুপুৰি
ওপৰত মাথো বিষাদৰ নীলা ছাতি
বুকুৰ সেউজীয়া গুচি হ'ল এতিয়া মৰুভূমি.........
আজি লৈ আৰু নিলিখো,ৰাতি পুৱাবৰে হল ফজৰৰ আজান দিছে মছজিদত।অলপ পিছত মাৰ ফোন আহিব মোক মাতিবলৈ সেয়ে আলপ টোপটিৰ ভাও জোৰো।নহলে মাই কাজিয়া কৰিব আৰু বাৰে বাৰে সুধিব কিয় সাৰে আছো কাৰনটো যে কব নোৱাৰিম।তুমি সূখী হোৱা তাৰ কামনাৰে...
.........নেৱাজ......­..