মই ঝংকাৰে কৈছো by jahnab bharadwaj

২০১৩ চনৰ ২৫ জুন তাৰিখে কাৰ্বি আংলঙৰ ডিফু চহৰত অটোৰিক্সাৰ ভাৰাক লৈ স্হানীয় চালকৰ লগত হোৱা তৰ্ক বিতৰ্কই গুৰুতৰ ৰূপ ধাৰণ কৰি পিতৃৰ সন্মুখতে  চালক কেইজনে যুৱক ঝংকাৰ শইকীয়া(21)ক প্ৰহাৰ কৰি মৃত্যু মুখলৈ ঠেলি দিয়ে।যথেষ্ট সংখ্যক লোক তথা আৰক্ষী উপস্হিত থাকিও মৌন দৰ্শকৰ ভুমিকা পালন কৰিছিল। সেই ঝংকাৰৰ স্মৃতিতে এই কবিতাটো উৎসৰ্গা কৰিলো।
 

শিৰোনাম: হয়, মই ঝংকাৰ্ কৈছো। 

             জীয়াই আছো আজিও মই
        ডিফুৰ ব্যস্ত পথৰ আন্ধাৰ ৰাতিৰ
                 ৰূদ্ধ আৰ্তনাদত। 
 মনত পৰেনে, সৌ সিদিনাৰ চফল ডেকা মই
                       আৰু আজি? 
আজি মই মাথো ত্ৰস্ত ৰাতিৰ এক কৰুণ পৃষ্ঠা। 

      শুনিছেনে কেতিয়াবা জয়াল ৰাতিত
        ডিফুৰ পথত মোৰ দুখৰ চিৎকাৰ? 
যিদৰে চিঞৰিছিলো সেইদিনা হাতযোৰ কৰি
  মোৰ মৃত্যু উপভোগ কৰা পথৰ জনতাক। 
ভাবিছেনে কেতিয়াবা, কেনে অসহায় আছিল মোৰ দেউতা? 
        যাৰ হাতৰ পৰা আজুৰি আনি
 গছকি ফেনেকি লভিছিল পাশৱিক শান্তি। 
"দেউতা মোক বচোৱা, ইহতে মোক মাৰি পেলাব", 
 হয়তো শেষবাৰলৈ আৰ্তনাদ কৰিছিলো, 
পিশাচৰ বৰ্বৰতাৰ ভয়ত মমতাৰ সম্বল বিচাৰি। 
আৰু মোৰ দেউতা কৰযোৰে পৰি ৰৈছিল, 
   নিষ্ঠুৰ দানৱক মোৰ প্ৰাণ ভিক্ষা খুজি। 

       সেই ৰাতি ডিফুৱে কান্দিছিল, 
            লগতে কান্দিছিলো মই
ৰৈ যোৱা প্ৰশ্ন আৰু অজান আক্ৰোশত। 
   প্ৰতিবাদ হৈছিল, আৰু বহু সমদল
ন্যায় প্ৰাপ্তি, দোষীক শাস্তি কিম্বা মৌন প্ৰাৰ্থনা। 
        কিন্তু কি ন্যায়ে শাত পেলাব 
  মোৰ দেউতাৰ অসহায় চকুযোৰক, 
      সন্তান হেৰুৱাই থৰ হৈ ৰোৱা
              মাৰ অন্তৰ খনক। 

   ব্যস্ততাৰ ধুমিহাত স্মৃতি হৈ পৰি ৰলো, 
         অভিশপ্ত সেই ৰাজপথত। 
 আহিবচোন, নিজান ৰাতিৰ আন্ধাৰ ফালি, 
      শুনিবও পাৰে মই চিঞৰি উঠিছো, 
                চকুলোবোৰ বোৱাই 
      মৌন হৈ আন্ধাৰত মিলি গৈছো। 
           হয়, মই ঝংকাৰে কৈছো।