পাৰা যদি এবাৰ লগ দিবাচোন আজি আবেলি
কলেজ কেন্টিনত
এপিয়লা চাহ খাবৰ মন
তোমাৰ লগত
যদিও সদায় লও মই জুতি চাহকাপৰ তথাপি একাপ চাহ তোমাৰ সৈতে তোমাৰ নামত খাবৰ মন.....
.
.
ব্যস্ত জীৱনৰ ব্যস্ততাক এৰি প্লীজ আহিবা আজি আবেলি গুণগুণাই আমাৰ প্ৰিয় গানৰ কলি মোৰ সৈতে একাপ চাহৰ জুতি লবা বুলি বেছি সময় নলও তোমাৰ
তোমাৰ সময় যে কিমতি
টাইম ইজ মানী
আই ন ইউৰ থিউৰি
মাত্ৰ চাহৰ সময়খিনি
ব্যস্ত জীৱনৰ ব্যস্ততাক নেউচি আহিবা আজি আবেলি
চাহ কাপত শোহা মাৰি ব্যস্তহৈ পৰিম আমি দুয়ো কথাৰ আড্ডাৰ ৰেড এফ এম অত
অ ছৰি , আমি নহয় , মই কথা পাতিম কাৰন তোমাৰ যে একো যে নাই কবলগীয়া তুমি মাথো শ্ৰুতা হৈ শুনিবা মই যেন আৰ জে নেৱাজ আৰু তুমি শ্ৰুতা নেহা মই যে তোমাক কবই লাগিব ৰিক্ততাৰ দহনত দগ্ধ হোৱা হৃদয়ৰ অব্যক্ত বহু কথা
যিবোৰ হয়তো বহু আগতেই আছিল কবলগীয়া কিন্তু নহল কোৱা
প্লীজ মোৰ প্ৰলাপত তুমি ব'ৰ নহবা খং নকৰিবা মোৰ বকবকনিত ধৈৰ্য্য হেৰুৱালেও অনুগ্ৰহ কৰি মোক এটি মিচিকিয়া হাঁহি উপহাৰ দিবা তোমাৰ হাহিত মোৰ ভাৱনাৰ শূন্যবোৰে বিচাৰি পাই যে নিজৰ আকাশৰ ঠিকনা তোৰ হাঁহিটোতে জী উঠে
মোৰ মটিয়া সপোনৰ পোখা
তোমাৰ হাহিৰ সীৰলুত গজে যে মোৰ বসন্তৰ কলপতীয়া ছাঁ তোমাৰ হাহি মোৰ বাবে অমূল্য শুকুলা ঘোঁৰা
সেয়ে সজাই থম তোমাৰ হাহিৰ শুকুলা ঘোৰা মন গহনাৰ নিভৃত চকুত
কলিজাৰ শ্বকেজত কোনেও নেদেখাকৈ অথবা এটি ৰোমান্টিক কবিতা আকাৰত সজাই থম মনৰ দাপোনত
ইমানতে চাহকাপে তোমাৰ ওঠৰ অন্তিম স্পৰ্শ লাভ কৰিব
শেষ শোহাটো মাৰি তুমি ..... যাবলৈ ওলাবা
কিন্তু মোৰ প্ৰলাপবোৰ হৈ ৰব যে আধৰুৱা কিন্তু যাব পাৰিবা
কাৰন চাহকাপ যে আছিল
আমাৰ চুক্তিৰ শেষ সীমা।। সেয়েহে কৈছো,সময় পালে আহিবাছোন ব্যস্ত জীৱনৰ ব্যস্ততাক এৰি কলেজ কেন্টিনত বহি
তোমাৰ সৈতে এপিয়লা চাহ খাম তোমাৰ কাজলসনা দুচকুৰ
নীলা সাগৰত ডুবি।।।