ভাল লাগে মোৰ তোমাৰ ওঁঠৰ মৌসনা হাঁহি
তাতে মই বিচাৰি পাওঁ জীৱনৰ সেউজীয়াখিনি
তোমাৰ হাঁহিবোৰৰ মাজতে
মোৰ জীৱনৰ ৰঙীন সপোনবোৰে
নানাৰঙী পাখিলগাই নীলা আকাশৰ
বাস্তৱৰ বুকুত পৈনতা লাভ কৰে।
তোমাৰ এটি এটি হাঁহিত
মোৰ জীৱনৰ বিষাদবোৰে
খিল খিলকৈ হাঁহে।
তোমাৰ মিচিকিয়া হাঁহিটোৱে
মোক জীৱনৰ কঠিন পৰিস্তিতো
অসফলতাৰ কুঁৱলী আতৰাই
সফলতাৰ প্ৰভাতী কিৰণেৰে
সফলতাৰ বাটৰ দিশত লৈ যায়।
তোমাৰ এটি মিঠা হাঁহিয়ে
মোৰ বুকুৰ শিলখনৰ ওপৰেদি
এখন চঞ্চল গাভৰু নৈ বোৱাই।
আবেলিৰ অস্তগামী হেঙুলীয়া সূৰ্য্যটোৱেও
তোমাৰ ডালিমগুটিয়া সেই মনপ্ৰান চঞ্চল কৰা হাঁহিটোৰ বাবে
হেঙুলীয়া ৰহণহানি ৰৈ থাকে তোমালৈ।
আৰু মোৰ বুকুৰ খোৰোঙত উলমি উলমি ৰৈ থাকে
তুমি নামৰ সেই পূৰ্নিমাৰ জোন।