মই বুদ্ধক দেখিছিলো । by পাৰ্থ গোস্বামী


কাপুৰুষৰ বীৰ্য্যত
নাঙঠ নাৰীৰ জৰায়ু ফাটি
জন্মিছে মৃত কংকাল ...
চিঞৰি চিঞৰি কৈছে
" মৃত্যু মৃত্যু মৃত্যু " ...
যুদ্ধৰ শেষত কি পাই ???
জ্বলি শেষ হয় হেজাৰ সপোন ...
ভোকত  মৰে অনাথ শিশু
বেশ্যা হয় ভদ্ৰ জীয়ৰী ....
মই বুদ্ধক দেখিছিলো ।
সন্তানৰ চিতাৰ কাষত
মাতৃৰ উদং কোলা ...
কোলাহলত উচুপি উঠিছিল বুদ্ধই
তেওঁৰ বগা কাপোৰত
তেজৰ চেকা ,
নৰীয়াত আজি  শুভ্ৰ ঘোঁৰা ।
মই বুদ্ধক দেখিছিলো ,
জাৰত কঁপা বৃদ্বাৰ
মৃত্যু প্ৰত্যাশা ...
হাড় আৰু বেজীৰ সংঘৰ্ষ ...
মৃত স্তন ....
মৃত মাতৃত্ব ...
মাথো মৃত্যুৰ কিৰিলি ।
মই বুদ্ধক দেখিছিলো ,
তেওঁ গৈ আছিল
উভটি নহা বাটেদি
সেমেকি উঠিছিল দুচকু ,
কপা কপা শান্তিৰ বাণী .
মই বুদ্ধক দেখিছিলো ।