ভৰ দুপৰীয়া লঘোণীয়া ৰ'দত
সোৱণশিৰিৰ বালিচৰত,
তিতা কহুৱাফুলীয়া চাদৰখন ।
মূৰ ফণিয়াইছে আকাশখনে
নৈৰ দাপোণত মুখ চায় ।
এপদ এপদকৈ খোলা
মেঘৰ আৱৰণত
শালিকীজাকৰ লাজুকী ভুমুক ।
নৈ পৰীয়া গান গাই গাই
গোলাপী সাজে সজা প্ৰকৃতিয়ে পিন্ধিছে
ডালিমফুলীয়া কেৰুৱা…
হেপাহত মাতাত আকাশখন
এতিয়া মাথো বতাহী খোজেৰে ভৰা ।
Pranab Malakar
Hajo, Kamrup, Assam.
P.O - Hajo
PIN - 781102
Phone No.- 9954326818.