পাটকাইৰ ফাঁকে ফাঁকে
কোনোৱে চাই
আহিল নেকি সূৰুয নতুনৰ !
ইৰাৱতীৰ পাৰত তেওঁ মিলনৰ গীত
গাই
কিমান আশা অন্তৰত
দিহিং নৈৰে ভটিয়াই গৈ
দিখৌমুখ পায়
দিখৌ উজাই দৰিকা নামদাং
তেওঁ কেৱল বৈ যায়, বৈ যায়, বৈ
যায় !
বৰ অসমৰ সপোন এদিন দিঠক হব
পাটকাই থাকিব, চুকাফা থাকিব ।