প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াৰ বহু চৰ্চিত"পদযাত্ৰাৰ পৰা উজুটিলৈ-হু ইজ অখিল গগৈ" গ্ৰন্থ খন পঢ়িলো। বিশেষ গভীৰতালৈ নগৈ মোৰ মতামতেৰে পাঁচোটাকৈ ধনাত্মক আৰু তিনিটা ঋনাত্মক দিশ আগবঢ়াইছো।
ধনাত্মক-
১)অখিল গগৈ ডাঙৰীয়াৰ অহেতুক মিডিয়া প্ৰীতি আৰু প্ৰচাৰ মুখী ক্ৰিয়া কলাপ সম্পৰ্কে লিখা প্ৰবন্ধসমূহৰ লগত মই একমত।
২)কৃষকৰ কথাৰে আন্দোলন আৰম্ভ কৰা এই কৃষক নেতাজন কংক্ৰিটনগৰীৰ হক-বিহক ইছ্যুৰে নিজৰ পেট পালন কৰাৰ বিষয় সন্দৰ্ভতো একমত।
৩)বিশেষ ইছ্যু কিছুমানত তেওঁৰ ৰহস্যজনক মৌনতাও সৰ্বজনবিদিত। বৰ্মন ডাঙৰীয়াই অখিল গগৈৰ এনে কাৰ্য্য তথ্য সহকাৰে ডাঙি ধৰাত সফল হৈছে।
৪)গ্ৰন্থ খনত বাস্তৱ সন্মত তথ্যৰ পয়োভৰে প্ৰত্যেকটো বাক্য বিশ্বাস যোগ্য ৰূপী আৰু গ্ৰহণযোগ্য কৰি তুলিছে।
৫) এজন একনায়কৰূপী নেতাৰ বিষয়ে এনে লিখনি নিশ্চয়কৈ সাহসিক প্ৰচেষ্টা। আৰু এনে নিৰপেক্ষ লিখনিয়ে বিভ্ৰান্ত জনসাধাৰণক এক সহমতত অহাত সহায় কৰে।
ঋনাত্মক -
১)এজন কবি হিচাপে স্বাভাৱিক যদিও গ্ৰন্থ খনৰ বিষয়টোৰ লগত বাক্য গাঠনি বোৰ উচিত পৰ্য্যায়ৰ হোৱা নাই।
২)গ্ৰন্থখন যদি সৰ্বসাধাৰণৰ বাবে যদি লিখা হৈছিল তেন্তে কিছুঠাইত ভাষাৰ পৰ্য্যায় সাধাৰণ জনতাৰ বাবে অতি উচ্চ হৈছে। এনেকুৱা স্পৰ্শকাতৰ বিষয়ৰ আলোচনা সহজ সৰল ভাষাই জনসাধাৰণৰ মাজত সহজে কঢ়িয়াই নিয়ে।
৩)অখিল গগৈৰ বিৰুদ্ধ ইছ্যু সমূহৰ অৱতাৰণা পদ্ধতিগত হোৱা নাই। অ'ত ত'ত থপিওৱা যেন পৰিলক্ষিত হৈছে।
তথাপি গ্ৰন্থখন সময়োপযোগী হোৱাৰ উপৰিও অতি জৰুৰীও হৈছিল। সকলোৱে গ্ৰন্থ খন পঢ়া উচিত।