-:চতিহা পাণ্ডুলিপি:-       শিল্পীকা মধুকল্য     


এহেৰুৱা চাক্ষুষ গান মেৰিয়াই 
তুমি বাজি উঠিছিলা 
মোৰ হৃদয়ৰ তানপুৰা গধূলী
নৈসংগিতাৰ বুকুত মই ভাঁহি গৈছিলো 
মেঘমল্লাৰ ধ্বনি হৈ 
তোমাৰ হামৰাওঁ চাৱনিত ।
নিগ্ধ ভৰণী নিশাৰ আজলিত
জলৌকাৰ দৰে বগাইছিলা মন গুজ্বৰিত
আলসুৱা প্ৰেমৰ
স্বস্তিকা সুবাস সানি 
শৰালি হৈ উৰা মাৰিছিল 
এটি চতিহা পাণ্ডুলিপি ।।