আজিৰ যুগ বিজ্ঞানৰ যুগ । এই বিজ্ঞানৰ যুগত কিছু সংখ্যক মানুহো যন্ত্ৰ যেন হৈ পৰিছে । যান্ত্ৰিক যুগত আমি বহুতেই হেৰুৱাই পেলাইছো আৱেগ-অনুভূতি , হৃদয় স্পৰ্শ কৰি যোৱা কিছুমান শব্দ , কিছুমান সম্বন্ধ । কিছুমান সম্বন্ধ ধৰি ৰাখিবলৈ যেন পাহৰিয়েই পেলাইছো । যান্ত্ৰিকতা পূৰ্ণ জীৱনত আমি নিজকে বিলীন কৰি দি , নিজকে হেৰুৱাই পেলোৱা নাই নে বাৰু ……! ক'ত গল বাৰু সেই আন্তৰিকতা ভৰি থকা মহা-মাহী , খুড়া-খুড়ী , মামা-মামী , বৰতা-বৰমা আদি শব্দবোৰ , সম্বন্ধবোৰ । আমি সেই সম্বন্ধবোৰ অন্তৰৰে ধৰি ৰাখিব পাৰিছোনে বাৰু……! ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে আমি সকলোৱে নিজক লৈ ব্যস্ত । অফিচ, স্কুল -কলেজলৈ অহা যোৱা কৰা মাজৰ আজৰি সময়খিনিত বন্ধু -বান্ধৱীৰ লগত কথা-বতৰা পাতা আদিতেই আজিৰ মানৱ জীৱন সীমিত , তাতে আজি কালি ফেচবুক আদি Social networking site বোৰৰ ব্যৱহাৰে সম্বন্ধীয়ৰ ঘৰলৈ গৈ কথা-বতৰা পতা , আৱেগ -অনুভূতিবোৰ ভগায় লোৱাৰ পৰিমানো কমাই দিছে , মামা মামী হঁতৰ ঘৰলৈ যাবলৈয়ে বা সময় ক'ত। তেঁওলোক বৰতা-বৰমা , খুড়া-খুড়ী বুলি মাতিলে চাগে কিমান ভাল পায় , কিন্ত আমিবোৰে ব্যৱহাৰ কৰো Uncle, Aunty আদি কিছুমান শব্দ । ক'ৰ পৰা এই শব্দবোৰ আহি আমাৰ অসমীয়া ভাষাত ঠাই দখল কৰিলে ,লগে লগে কমায় দিলে ভাগিন -ভতিজা , খুড়া-খুড়ী , মামা -মামী আদিৰ মাজৰ সেই সম্বন্ধৰ এনাজৰী ডাল ।
এই সম্বন্ধবোৰ ,আন্তৰিকতা পূৰ্ণ এই শব্দবোৰৰ মাজত লুকাই থকা সম্বন্ধবোৰৰ এনাজৰীডাল আজিৰ অসমীয়াই বৰ্তাই ৰাখিব নোৱাৰিলে হয়তো ভৱিষ্যত প্ৰজন্মই এই শব্দবোৰ কেতিয়াও শুনা নাপাব। আজি ছাত্ৰ - সমাজ বৰ্তমানৰ ৰুচি বিকৃতি পৰিহাৰ কৰি অচিৰে পবিত্ৰ মনৰে নতুন আশা আৰু সু - আদৰ্শৰ সূৰ্যোদয় ঘটাব পাৰিলেহে নতুন জীৱনৰ জয়ধ্বনি শুনিব পাব।