-:নীলা খামৰ চিঠি :- maina rajbongshi


ধেমাজি কলেজৰ ধুনীয়া
ছোৱালীজনীলৈ একলম ৷৷
মৰম লবা ৷ সন্ধিয়া নামিছে , ঘৰমুৱা
পখীজাকেও
কিৰিলি পাৰি আপোনজনক কাষত
পাবলৈ ব্যাকুল হৈ পৰিছে,
খিৰিকিখন মেলি দেখো
বাহিৰত এজাক মলয়া বতাহ বলিছে
৷ জোনাকী বতৰত জোনাকৰ পোহৰত
তোমালৈ মৰমৰ দুটা শাৰী লিখাৰ
বৰকৈ হেপাঁহ জাগি উঠিছে,
কিন্তু শব্দবোৰে কিয় জানো লুকা-
ভাকু খেলিছে ৷ পোন প্ৰথমে হৃদয়ৰ
প্ৰতিটো কোণত লুকাই থকা মৰমবোৰ
নীলা আখৰৰ মাজত দি পঠিয়ালো
নাজানো মৰমবোৰে গৈ তোমাৰ
হিয়াখন চুমিব পাৰিবনে নাই.....!
তথাপি পঠালোঁ ৷ কি কৰিম অবুজন
মনে যে বুজনি নামানে ৷ হৃদয়ৰ
তাগিদাত ইমান দিনে সাঁচি ৰখা
মনৰ কথাবোৰ নীলা খামৰ চিঠিৰ
জৰিয়তে ক`ম বুলি সিদ্ধান্ত ললো ৷
নাজানো ডাকোৱালে চিঠিখন
তোমাৰ হাতত দিব নে নাই ৷
ধেমাজি কলেজৰ তুমি সুৰঞ্জনা
বৰুৱা ৷ তোমাৰ মায়াবী চাৱনিত
ফুলি উঠে প্ৰেমিক হৃদয়ৰ একোনত
এপাহি ৰঙা গোলাপ ৷ হেনাকৰা
চুলি তাৰি বান্ধি কলেজলৈ
আহিলে কলেজখনে সাৰ পাই উঠে
৷ যৌৱন প্ৰাপ্ত হৈ উঠে কলেজ ৷
ভাল লাগে তোমাৰ ঢৌময় চুলি ৷
য`ত লাগি আছে অভিমানৰ মুদ্ৰা ৷
তোমাৰ মায়াসনা দুচকুৰ চাৱনিয়ে
প্ৰেমিক হৃদয়ত বিয়পায় দিব পাৰে
কেনচাৰৰ দৰে দুৰাৰোগ্য ব্যাধি ৷
জগাই তুলিব পাৰে হৃদয়ত প্ৰেম
সাগৰৰ ছুনামি ৷
তুমি কথা ক`লে সোৱণশিৰিত সোণ
সৰে ৷ ৰাতিৰ দুপৰত জোনাক নামে
তোমাৰ হাঁহিত ৷ তুমি হাঁহিলেই
প্ৰেমৰ ৰাগিত উত্ৰাৱল হৈ পৰে
প্ৰেমিক হৃদয়ৰ আশাজ্বল হৃদয়খন ৷ তুমি
গম নোপোৱাকৈয়ে তোমাৰ
প্ৰেমত চলাইছো এখন বঠাহীন নাওঁ ৷
সুৰঞ্জনা, তোমাৰ অবিহনে মৌন
হৈ পৰে কলেজ কেম্পাচ ৷ মৌন হৈ
পৰে ডিপাটমেণ্টৰ নিয়মীয়া
আড্ডা ৷ যেন এজাক অকলশৰীয়া
বৰষুণ আহিব ৷ য`ত উচুপি উঠিব মোৰ
দৰে প্ৰেমিক হৃদয়বোৰ ৷ তুমি
কলেজলৈ নহাকৈ নাথাকিবা !
তুমি নাহিলে অকালতে মৰহি ৰব
প্ৰেমিক হৃদয়ত ফুলি উঠা সেই ৰঙা
গোলাপ পাহি ৷ আৰুনো কিমান
লিখিম ৷ লিখি হয়তো শেষ নহব ৷
আজিলৈ সামৰোঁ ৷ সদায় সুখৰ মৃদু
বতীহজাকে যেন তোমাৰ হৃদয় স্পশ
কৰি তোমাৰ মুখত হাঁহি বিৰিঙাই
ৰাখে ৷
গোলোক (মাইনা)
ধেমাজি নতুন নগৰ ৷
8486521596