লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ অমৰ সৃষ্টিৰ আধাৰত… ককাদেউতা,বুঢ়ীআই আৰু আমি …………………………………………………প্ৰণৱ মালাকাৰ- গাগৰিণা নাথ-বিক্ৰম শীল-অংকিতা দাস

©©প্ৰণৱ মালাকাৰ--   (১)

দম্ দম্ দম্…নামঘৰত ডবা বাজিছে,
"মোৰে ল'ৰাৰে পেটমচা পো
আহ্ মোৰ ওচৰত জুহাললৈ,
মখনাৰ পিঠিতে উঠি
যাম ভূত বিচাৰি
কুজী বুঢ়ীৰ সাধু শুনি শুনি…
আহ্ আহ্…তপাতপ আহ্ ।"
থৰক-বৰক দেহাৰ নাই বেছি দিন,
যমৰ খেদা খাই …ভাগৰি ভাগৰি
মখনাৰ পিঠিতে টাঙোন এডালো ল' ।
(বাটত ভূতে পাব পাৰে)

©©গাগৰিণা নাথ--   (২)

টিলৌটিপৌতে মাউৰা হ'ল
চোকা কৈ তীখৰ আৰু চুটিকৈ চুটিবাই,,,
ভজা পিঠাই আমোলমোলায়,
তীখৰৰ জিভা পাক খায়,,৷
"চুটি মুটি বাই,
পিঠা খাব মন যায়....৷৷
কণা গোসাইয়ে নাচায় ৷
"ৰহ,ঐ ৰহ ৷"
এৰী কাপোৰখন গাতে মেৰাই,
গজং গজং কৈ তীখৰ ওলাই যায় ৷৷
পেটে কামোৰে ও গোসাঁই,,
মৰণাৰ চোতালত বাগৰি জগৰী এৰীয়া চাদৰত চোন এগাল ধান ৷
"গল খেৰখেৰায় ও ককাই" বুলি এটেকেলি তেলো আনিলে..৷
"ককাই ধম্ ধম্ জুই,,
গাঁও পুৰি হ'ল চাই ৷৷
গুৰৰ টেকেলি চোলাটোলৈ সৰকে..৷
খৰিহে আনিবৰ নহ'ল ৷৷
বাঘৰ হাবিত খৰি লুৰি থাকোতে,
বাঘে বোলে মইয়ো খাম পিঠা ৷৷
প্ৰথমে বৰা চাউলৰ, দ্বিতীয়ে কচুৰ,তৃতীয়ে চূণৰ পিঠাৰে বাঘে পায় সিপুৰি ৷৷
চালৰ ওপৰত ট-ট কৈ জিলিকে,,
দুই বাই ভাই,,
পিঠাকে চোবায়...৷৷৷

©©বিক্ৰম শীল--    (৩)

মানুহৰ জীয়ৰী হৈ নৈত উটি আহিলি
আকাশে দিলেহি তোৰ আই বিচাৰি
তই চিলনীৰ হাঁহি !

চিলনী আইএ বেচিলে সদাগৰক
তই সদাগৰৰ বুকুৰ মণি
৭ সতীনীৰ বিৰহৰ কাহিনী !

গাতত চাউল সোমাই
আই চিলনীয়ে সতীনীৰ বুকুৰ উদৰ পুৰাই
চুঙাৰ কপাহে জিনে সদাগৰৰ মন
তই সতীনীৰ খঙ খঙ খঙ !

বাঢ়নিৰ কোবে চিলনী আইক হৰে
কল পাতৰ আগ আজিও লৰে কি ছৰে
চিলনী আই যে আগত নপৰে !

শুকান মাছৰ গোন্ধ লাগি তই যাৱ মৰহি
মুদৈ তাকে দেখি ৰঙ পায়,
সদাগৰে সকলো জানে, কেৱল নেদেখাই !

অগ্নিপৰীক্ষাত সতীনী হয় বিফল
যহনি সতীনী এৱা সূতা লাগি মৰিবি
তই সদাগৰৰ বুকুৰ মণি ! 

আজিও আকাশত তোৰ গান ভাহে
কল পাতৰ আগ আজিও লৰে
চিলনী আই তোলৈ চাই কেৱল হাঁহে ।

©©অংকিতা দাস--     (৪)

সাউদৰ জীয়াৰী আজলী ছোৱালী
আই মোৰ তেজীমলা ঐ...
মাৰৰ  আদৰ মৰমকে হেৰুৱালি,
সৰুতে ঘাটমাউৰা হৈ....

পিতাইৰ সৰগৰ মুকুতাটি
আজি আহি গাভৰু হ'ল,
চকুৰ কুটা দাঁতৰ শাল মাহীমায়ে পাঙিলে
কটু মৰমৰ চল ৷৷

সখীৰ বিয়াত তেজীমলাৰ
আনন্দত ত'তে নাইকিয়া...
যাবলৈ ওলাল বিয়ালৈ বুলি
টোপোলাটি লৈ মাহীমাকে বান্ধি দিয়া ৷
কান্দিলে তেজাই মোৰ, খনীয়া-পাটৰ জাপ খুলি
আঙঠা-নিগনি টোপোলাৰ পৰা ওলাই মাৰিলে লৰ৷৷

ছেগ বুজি মাহীয়েকে তেজাক খুন্দিলে...
ঢেঁকীশালৰ পানীপোতাতে পুতি থ'লে,
দুখুনী সোণপাহি তই গ'লিগৈ ক'ত...
আইৰ মৰম নাপালি দুদিনীয়া জীৱনত৷৷

ঘৰৰ মোহত বাৰীতে গজিলি
জাতিলাও, জৰা টেঙা হৈ...
ইয়াকো মাহীৰ মনে নিজিনি
পেলাই দিলে নদীতে গৈ...৷৷

পানীত ফুলিলি দীপলিপ পদুমটি
বণিকৰ ঘৰত নিবলৈ মন,
চিঙিব লওঁতে বিনাই মাতিলি,
"হাতে নেমেলিবা, ফুলো নিচিঙিবা, চেনেহৰ পিতাদেউ এ৷
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই৷৷"
......পিতাইৰ আগত সলালি বৰণ৷

আৱেগি বণিকে শাখিনীক খেদিলে...
তেজীমলাৰ আনন্দত সুৰ...
আমাৰো কাপোৰ ক'লা হ'ল, সাধুকথাৰ পৰিল ওৰ ৷৷