শিক্ষাৰ কাৰাগাৰত বোবা উকমুকনি : জাহ্নব ভৰদ্বাজ

   মই এজন ছাত্ৰ হব খোজো
আনুষ্ঠানিক শিক্ষা যন্ত্ৰৰ এজন শ্ৰমিক নহয় ,
পাঠ্যক্ৰমৰ শিকলিৰে বন্দী মনৰ
          এজন কয়েদী নহয় ,
পৰিসৰহীন জ্ঞান সমুদ্ৰৰ এজন নাৱিক হব খোজো ।
আমেৰিকা কিম্বা ফিজি আৱিস্কাৰ হোৱা নাছিল
           বন্ধ পুখুৰীৰ পানী অথবা অতল হ্ৰদত,
হৈছিল নীল সমুদ্ৰৰ অজান চুকত
            অথবা একোজন কলম্বাছৰ হৃদয় আৰু মগজুত ।
নিউটন, প্লেটো অথবা মেকিয়া ভেলিৰ দৰ্শনে
     বহুবাৰ নোটবহী ভৰালে ,
সেই দৰ্শনৰে দেহৰ ৰক্তকণাকো কপাই তোলাব বিচাৰো,
     অন্তৰত আলোড়িত হোৱা বিচাৰো
মাৰ্ক্স , লেনিন আৰু ৰাছেলৰ সত্তা ।
ভাটৌৰ দৰে আত্তৰাই লভা শিক্ষা
           মই ওফৰাই দিব খোজো ,
আৰু উদাত্ত ভাষণ দিব খোজো চিকাগো মহাসন্মিলনত ,
হিন্দুত্ব্ বাদক বিশ্বৰে পৰিচয় কৰোৱা সেই ছাত্ৰজনৰ
         অক্লান্ত কন্ঠ হব খোজো ।
ছাত্ৰ হব খোজো ছক্ৰেটিছৰ দৰে , ৰামানুজনৰ দৰে ,
         আৰু হব খোজো আনন্দৰামৰ দৰে ,
যাৰ  জ্ঞানৰ পৰিচয়ে বিশ্ব ভেদি গৈছিল ,
   তেওঁ লোক শ্ৰমিক নাছিল ,
    আছিল একোজন সাধক ।
মই শিক্ষাৰ পুজিবাদৰ চিকাৰ হব নোখোজো ,
       বৰঞ্চ বিচাৰো উদাৰবাদ ,
য'ত নাথাকিব কোনো বাৰ্লিন দেৱাল অথবা মেকমোহন সীমা ।
প্ৰ'টিন টাৰ্গেটিঙ কিম্বা ট্ৰেকিয়েক্টমিৰ লগতে
     শিকাব খোজো মানৱ ইতিহাসৰ জয়গাথা ।
কান্দিব বিচাৰো শোষণৰে ক্লান্ত নিগ্ৰো ভূমিপুত্ৰৰ সৈতে,
বিদ্ৰোহী হৈ উঠিব খোজো কেম্ব্ৰিজ লেবৰ
       এজন অন্বেষক প্ৰফেচাৰ ।
  শিক্ষাৰ বাণিজ্যীকৰণৰে প্ৰভাৱিত এজন বণিক নহয় ,
অথবা শ্বেয়াৰ বজাৰৰ অংকৰ উত্থান-পতনৰ দৰে
   কেৰিয়াৰৰ ভৱিষ্যৎ চিন্তা কৰা এজন ষ্টক হল্ডাৰ  নহয় ,
বৰঞ্চ  সাধনাৰে জগত পোহৰোৱা
       এগছি চাকি হব বিচাৰো ,
কাৰন মই এজন ছাত্ৰ হ'ব বিচাৰো।