-:বেশ্যালয়:- পাৰ্থ গোস্বামী । 9085555651


অন্য এটি বসন্ত
পাৰ কৰিলো
নষ্ট ছোৱালীৰ
বেনাৰত
যৌৱনৰ
ঠিকনা লিখি ।
মোৰ বন্ধ কোঠাৰ
মামৰে ধৰা
খিৰিকীৰ ফাকেৰে
কেতিয়াবা
বৰষুণৰ টোপালে আহি
ৰক্তত সেমেকা
শাৰী খনৰ
যন্ত্ৰণাবোৰ
তিয়াই
থৈ যায় ।
চেঁচা মলয়াই
মনটোক উৰুৱাই নিয়ে
হেৰুৱা জীৱনৰ
কোনোবা চুকত
পৰি ৰোৱা
শৈশৱৰ সন্ধানত ।
মই জপাই দিও
খিৰিকীখন
আৰু আতৰাই দিও
পিতাইৰ ফটোখন….
এতিয়া যে
নতুন অতিথি অহাৰ
সময়।